মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সংসদীয় পৰিক্ৰমা

যুৱ সংসদ

যুৱ প্ৰজন্মৰ মাজত গণতন্ত্ৰৰ নীতি-নিৰ্দেশনা জনাবৰ বাবে চৰকাৰে বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যুৱ সংসদীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। যু সংসদীয় আঁচনিখন পোন প্ৰথমবাৰৰ বাবে ১৯৬৬-৬৭ চনত দিল্লীৰ বিদ্যালয়সমূহত মুকলি কৰা হৈছিল। দিল্লী আৰু তাৰ আশে-পাশে থকা কেন্দ্ৰীয় বিদ্যালয়সমূহ ১৯৭৮ চনত এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। একেদৰেই ১৯৮৮ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বাবে পৃথকভাৱে যুৱ সংসদীয় আঁচনি প্ৰস্তুত কৰা হয়। ঠিক একেদৰে, ১৯৯৭-৯৮ চনত দুখন নতুন যুৱ সংসদীয় আঁচনি আৰম্ভ হয়। তাৰে এখন জৱাহৰ নবোদয় আৰু আনখন মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ বাবে মুকলি কৰা হল।

Downloads
TitleSizeDetail
Youth Parliamentary Scheme Guideline.pdf367.48 KBswf-image