মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সংসদীয় পৰিক্ৰমা

উদ্দেশ্য আৰু কাৰ্য্যাৱলী

  • বিভাগৰ কৰিবলগীয়া-

               সংসদীয় পৰিক্ৰমা বিভাগে চৰকাৰৰ হৈ ৰাজ্যৰ বিধান মণ্ডল আৰু চৰকাৰৰ মাজত সমন্বয়ৰক্ষী সংস্থা হিচাপে কাম কৰি আহিছে।

    বিভাগৰ কাৰ্য, ভূমিকা আৰু দায়িত্ব –

               দক্ষতাৰে চৰকাৰৰ কাম-কাজসমূহ নিয়াৰিকৈ পালন কৰিবৰ বাবে সংসদীয় পৰিক্ৰমা বিভাগটোৱে অসমৰ ৰাজ্যপাল, মন্ত্ৰী পৰিষদ আৰু বিধানসভাৰ আগত আইনী প্ৰক্ৰিয়াৰে কাৰ্য সম্পাদন কৰে। ১৯৬৮ৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অসম নীতি (The Assam Rules of Executive Business, 1968)ৰ কাৰ্য আৰু কৰ্তব্য এনেধৰণৰ –

    ৰাজ্যপালৰ দ্বাৰা নিৰ্দ্ধাৰিত কাৰ্য্যাৱলী –

    • প্ৰশাসন আৰু বিধান মণ্ডলৰ মাজত সু-সমন্বয়
    • কমিটীৰ বিষয়সমূহত সুনিশ্চিত প্ৰতিশ্ৰুতি প্ৰদান, মূল্যাংকন আৰু ৰূপায়ণৰ প্ৰতিবেদন
    • বিধানসভাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ লগত সম্বন্ধিত বিষয়সমূহৰ প্ৰতি নিৰ্দেশাৱলী/পৰামৰ্শ গৃহ কমিটী যেনে- পি.এ.চি, হিচাপ পৰীক্ষণ কমিটীসমূহৰ অনুমোদনৰ ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ।
    • বিধাসভৰ প্ৰশ্নৰ সাপ্তাহিক সংকলন আৰু দাখিল
    • মন্ত্ৰীসকলৰ দ্বাৰা বা উপ-মন্ত্ৰীসকলৰ দ্বাৰা সত্য বুলি ধৰি লোৱা বা এৰিবলগীয়া যিকোনো বিষয়
    • মন্ত্ৰীসকলৰ ঘূৰাই পাবলগীয়া চিকিত্সা বিল
    • মন্ত্ৰীসকলৰ ভ্ৰমণ সম্বন্ধীয় বিলৰ আগতীয়া হিচাপ
    • মন্ত্ৰীসকলে ৰাইজৰ লগত সংযোগ স্থাপনৰ ক্ষেত্ৰত কাৰ্যালয়ৰ পৰা ধাৰ্য হোৱা ভ্ৰমণ
    • সৰ্বভাৰতীয় হুইপ সমাবেশৰ লগত জড়িত কাৰযপন্থা
    • বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত সদনত অধ্যক্ষৰ কৰ্তৃত্ব
    • সংসদীয় বিষয়সমূহৰ উপদেশ

    অন্যান্য কৰ্তব্যসমূহ –

    • অসম বিধানসভাত ৰাজ্যপালৰ অভিভাষণ
    • বিধান মণ্ডলৰ সকলো বিষয়ববীয়া, চৰকাৰী বিষয়াৰ মাজত সুস্থ পৰিকল্পনা আৰু পৰিচালনা
    • চৰকাৰৰ দ্বাৰা সংগঠিত কমিটী আৰু বিভিন্ন বিভাগৰ বাবে বিধানসভাত সদস্য নিযুক্তি
    • অসম বিধানসভাৰ পৰামৰ্শদাতা কমিটীৰ গঠন বিভাগীয় মন্ত্ৰীসকলৰ বাবে বিধানসভাৰ মজিয়াত মন্ত্ৰীসকলে কৰা ঘোষণাৰ ৰূপায়ণ
    • বিভিন্ন প্ৰাসংগিক বিষয় সন্দৰ্ভত মন্ত্ৰীসকললৈ আদেশ
    • বিধানসভাৰ সন্মানীয় সদস্যসকলৰ ক্ষমতা, অগ্ৰাধিকাৰ আৰু ৰেহাই সম্বন্ধীয় বিষয়সমূহ
    • ৰাজ্যজুৰি বিদ্যালয়/মহাবিদ্যালয়সমূহত যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা
    • অসম বিধানসভাৰ সন্মানীয় সদস্যৰ দৰমহা, ভাট্টা আৰু পেন্সনৰ ব্যৱস্থা
    • বিধানসভাৰ সন্মানীয় অধ্যক্ষৰ দৰমহা আৰু বিভিন্ন ভাট্টাসমূহ
    • অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষৰ দৰমহা আৰু বিভিন্ন ভাট্টা
    • অসম বিধানসভাৰ মন্ত্ৰী, উপ-মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীৰ দৰমহা, বিভিন্ন ভাট্টা।
    • অসম বিধানসভাৰ বিৰোধী দলপতিৰ দৰমহা আৰু বিভিন্ন ভাট্টা