মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সংসদীয় পৰিক্ৰমা

অসম বিধানসভা সচিবালয়লৈ আলোক দৰ্শন যাত্ৰা

  •    সংসদীয় পৰিক্ৰমা দপ্তৰে এখন সুদূৰ প্ৰসাৰী আচঁনিৰ সফলভাৱে ৰূপায়ণ কৰে। আঁচনিখন হল ছাত্ৰ-ছাত্ৰীৰ অসম বিধানসভা সচিবালয়লৈ এক আলোক-দৰ্শন যাত্ৰা। আঁচনিখন ২০১৭ চনৰ বিত্তীয় বৰ্ষৰ প্ৰথম দিন অৰ্থাত ৩০ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে।

       এটা দলত ৫০-৭০ জনকৈ ছাত্ৰ-ছাত্ৰীসহ ১৩ খন জিলাৰ পৰা ৩৭ খন মহাবিদ্যালয়ে এই কাৰ্যসূচীত অংশ লয়। ৩০ জানুৱাৰীত ৰাজ্যপালৰ বাজেট অধিৱেশনৰ প্ৰথম সৌহাৰ্দ্যমূলক ভাষণ, গুৰুত্বপূৰ্ণ বিল পাছৰ পৰা ১০ মাৰ্চত সামৰণি পৰালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় চলি থকা দিনত ছাত্ৰ-ছাত্ৰীসকলক লৈ অহা হয়। এই সময়খিনিত ছাত্ৰ-ছাত্ৰীসকলে সদনৰ সন্মানীয় অধ্যক্ষ, মুখ্যমন্ত্ৰী, সংসদীয় পৰিক্ৰমা দপ্তৰৰ বিভাগীয় মন্ত্ৰীকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগত অন্তৰংগ আলাপ কৰিবলৈ সুবিধা পায়। ইয়াৰোপৰি তেওঁলোকৰ স্থানীয় বিধায়ক সকলৰ লগতো আলাপ-আলোচনাত মিলিত হয়। ছাত্ৰ-ছত্ৰীসকলক ৰাজভৱনলৈও নিয়া হয় আৰু তাতেই তেওঁলোকৰ কেইটামান দলে ৰাজ্যপালৰ লগত কিছু কথা বতৰা পাতিবলৈ সুবিধা পায়। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি-চিত্ৰবন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, আই আই টি গুৱাহাটী, সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি যথেষ্ট সন্তষ্টি প্ৰকাশ কৰা বুলি তেওঁলোকে পঠোৱা মন্তব্যৰ পৰা প্ৰমানিত হৈছে। মুঠৰ ওপৰত এই আঁচনিখনৰ এক সফল ৰূপায়ন হোৱাৰ সত্য প্ৰমাণিত হল।

    অংশ লোৱা মহাবিদ্যালয় সমূহ -

    ১. কাছাৰ জিলা - কাছাৰ মহাবিদ্যালয়, গুৰুচৰণ মহাবিদ্যালয়, শিলচৰ মহিলা মহাবিদ্যালয়

    ২. দৰং জিলা - দৰং মহাবিদ্যালয়, মঙ্গলদৈ মহাবিদ্যালয়, মঙ্গলদৈ বানিজ্য মহাবিদ্যালয়

    ৩. ডিব্ৰুগড় জিলা - ডি ডি আৰ মহাবিদ্যালয়, চাবুৱা, ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়

    ৪. গোৱালপাৰা জিলা - দুধনৈ মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়

    ৫.গোলাঘাট জিলা - বোকাখাট জে. ডি. এচ. জি. মহাবিদ্যালয়

    ৬. কাৰ্বি-আংলং জিলা - ডিফু চৰকাৰী মহাবিদ্যালয়, ইষ্টাৰ্ন কাৰ্বি আংলং মহাবিদ্যালয় বোকাজান, বকলীয়া ৰোকাচান মহাবিদ্যালয়, ডকমকা থং নকবে মহাবিদ্যালয়

    ৭.কামৰুপ(মেট্ৰো)জিলা - কটন মহাবিদ্যালয়, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়

    ৮. কোকৰাঝাৰ জিলা - কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়

    ৯.মাজুলী জিলা - উজনী মাজুলী খেৰকটীয়া মহাবিদ্যালয়, মাজুলী মহাবিদ্যালয়, জেংৰাইমুখ মহাবিদ্যালয়, ৰঙাচাঁহী মহাবিদ্যালয়, পূব-মাজুলী মহাবিদ্যালয়

    ১০. মৰিগাওঁ জিলা - জাগীৰোড মহাবিদ্যালয়

    ১১. নলবাৰী জিলা - নলবাৰী মহাবিদ্যালয়, এম. এন. চি. বালিকা মহাবিদ্যালয়, কামৰূপ মহাবিদ্যালয়- চামতা, বৰভাগ মহাবিদ্যালয়- কালাগ, বৰক্ষেত্ৰী মহাবিদ্যালয়- মুকালমুৱা

    ১২. নগাওঁ জিলা - নগাওঁ মহাবিদ্যালয়- নগাওঁ, ড. বি. কে. বি. মহাবিদ্যালয়, পুৰণিগুদাম- কলিয়াবৰ

    ১৩. শিলচৰ জিলা – মহিলা মহাবিদ্যালয়, শিলচৰ, গুৰুচৰণ মহাবিদ্যালয়, শিলচৰ, কাছাৰ কলেজ<br/ >

    ১৪. শোণিতপুৰ জিলা – ৰঙাপাৰা মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়

    ১৫. দক্ষিণ শালমৰা মানকাছৰ জিলা – মানকাছৰ মহাবিদ্যালয়, হাটশিঙিমাৰী মহাবিদ্যালয়

    Downloads
    অসম বিধানসভা সচিবালয়লৈ আলোক দৰ্শন যাত্ৰা
    TitleSizeDetail
    Exposure Visit Guidelines.pdf349.18 KBswf-image
    Downloads
    অসম বিধানসভা সচিবালয়লৈ আলোক দৰ্শন যাত্ৰা
    TitleSizeDetail
    Exposure Visit Guidelines_0.pdf349.18 KBswf-image